মায়া'ৰ বিষয়ে

১৯৯৯ চনৰ পৰা প্ৰকাশ পাই অহা 'অসমীয়া মায়া' এখন বিনোদনধৰ্মী আলোচনী। সম্প্ৰতি গৌৰৱোজ্জ্বল ১৮ বছৰত ভৰি দিয়া 'মায়া' ৰ প্ৰতিস্থাপক মুখ্য সম্পাদক পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমান ৰবচন বৰুৱা আৰু বিতোপন বৰাৰ সম্পাদনাত প্ৰকাশ পাই থকা আলোচনীখনৰ প্ৰকাশিকা চিম্পী শইকীয়া। জ্ঞান আৰু মনোৰঞ্জনৰ সমাহাৰেৰে 'অসমীয়া মায়া'ই চেপ্তেম্বৰ¸ ২০১৭ চনৰ পৰা অনলাইন সংস্কৰণো প্ৰকাশ কৰিছে। অসমৰ বহু লেখক-লেখিকা আৰু বিশেষকৈ সাংস্কৃতিক দিশৰ বহু শিল্পীৰ আত্মপ্ৰকাশৰ এক মঞ্চ হিচাপে পৰিগণিত হৈ অহা আলোচনীখনৰ শেহতীয়া উল্লেখযোগ্য অৱদান হৈছে 'মায়া প্ৰকাশন'। আলোচনী প্ৰকাশৰ সমানে সমানে 'মায়া প্ৰকাশন'-এ উদ্যোগ লৈছে প্ৰতিভাধৰ ন পুৰুষৰ গ্ৰন্থ প্ৰকাশৰ কাম।